কনফেডাৰচন অফ অল ইণ্ডিয়া ট্ৰেডাৰছ চমুকৈ (CAIT) ৰ উদ্যোগত নতুন দিল্লীত ২৩ জুলাই ৰ পৰা ২৫ জুলাই লৈকে তিনিদিনিয়াকৈ অনুস্থিত হোৱা ৰাষ্টীয় ব্যৱসায়ী মহাঅধিবেশনত অসম চেম্বাৰ অফ কমাৰ্চে সক্ৰিয় ভাৱে অংশগ্ৰহন কৰে । কনফেডাৰচন অফ অল ইণ্ডিয়া ট্ৰেডাৰছ ৰ সৰ্বভাৰতীয় উপ সভাপতি তথা অসম চেম্বাৰ অফ কমাৰ্চৰ সন্মানীয় অধ্যক্ষ শ্ৰী যুত ৰূপম গোস্বামী ডাঙৰীয়াই অংশগ্ৰহন কৰাৰ লগতে অসমৰ বহুকেইখন জিলাৰ প্ৰতিনিধি বৰ্গই এই সৰ্বভাৰতীয় স্তৰৰ অনুস্থানটিত অংশগ্ৰহন কৰে । তিনিদিনিয়াকৈ অনুস্থিত হোৱা এই অধিবেশনৰ উদ্ধোধক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় শ্ৰী যুত ৰাজনাথ সিং ডাঙৰীয়া । সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়াক অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়াই অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । অনুস্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অসমীয়াৰ স্বাভিমান গামোচা খন ডিঙিত লৈ তেও ভাষন আৰাম্ভ কৰে আৰু অসম চেম্বাৰ অফ কমাৰ্চক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে । অনুস্থানটিত উপস্থিত থকা অসম চেম্বাৰ অফ কমাৰ্চৰ সকলো সন্মানীয় সদস্যকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো । আমাৰ বিশ্বাস এই অনুস্থানৰ জৰিয়তে আমাৰ ব্যৱসায়ী সকলে এক নতুন মাত্ৰা লাভ কৰিব ।
[smartslider3 slider=6]

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?