অসম চেম্বাৰ অফ্ কমাৰ্চৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰূপম গোস্বামী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰচৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে। এয়া কেৱল অসম চেম্বাৰ অফ্ কমাৰ্চৰ বাবেই গৌৰৱৰ বিষয় নহয় বৰং সমগ্ৰ ৰাজ্যখনৰ বাবেই এক গৌৰৱৰ মুহুৰ্ত।কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চৰ দৰে এটি অনুষ্ঠানৰ উপ-সভাপতি পদত অধিষ্ঠিত হোৱাতো এক বৃহৎ সফলতা। ক’ভিড ১৯ ৰ বাবে সৃষ্টি হোৱা কঠিন সময়খিনিত চৰকাৰে ঘোষণা কৰা সাহাৰ্য্য পেকেজৰ ক্ষেত্ৰত কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ৰ নীতি নিৰ্দ্ধাৰণ কৰা মুখ্য দলটোৰ এজন সদস্য হিচাপে ৰূপম গোস্বামী ডাঙৰীয়াও অংশীদাৰ আছিল আৰু তেওঁলোকে নিৰ্দ্ধাৰণ কৰা নীতিসমূহ চৰকাৰলৈ অৰ্থনৈতিক সংস্কাৰৰ হেতু প্ৰেৰণ কৰিছিল। আমি অসম চেম্বাৰ অফ্ কমাৰ্চে গোস্বামী ডাঙৰীয়াৰ এই সফলতাৰ বাবে গৌৰৱবোধ কৰিছো লগতে অসম চেম্বাৰ অফ্ কমাৰ্চৰ প্ৰতিগৰাকী সদস্যৰ তৰফৰ পৰা ৰূপম গোস্বামী ডাঙৰীয়াক শুভেচ্ছা ও শুভকামনা জনাইছো আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?