আজি গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ‘ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত অসমৰ উদ্যোগ আৰু ব্যৱসায় খণ্ডত ইয়াৰ প্ৰভাৱ’ সম্পৰ্কীয় মত বিনিময় অনুষ্ঠানটিত আয়োজিত হয়| এই মত বিনিময় অনুষ্ঠানটিত অসম চেম্বাৰ অফ্ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী দেব উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানটিত অনাগত সময়ত অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত অসম চেম্বাৰ অফ্ কমাৰ্চৰ হৈ বহু কেইটা পৰামৰ্শ আগবঢ়োৱা হয়। তাৰে কিছু পৰামৰ্শ এনেধৰণৰ:

১) উদ্যোগ সমূহ চলিবলৈ বজাৰ লাগিব আৰু বজাৰৰ কাৰণে ১০০ শতাংশই দোকান খোলা থাকিব লাগিব। সেয়েহে চৰকাৰে গ্ৰহণ কৰা ৩৩ শতাংশ দোকান খোলাৰ যি নিয়ম সেয়া প্ৰত্যাহাৰ কৰি ১০০ শতাংশই দোকান খোলাৰ ব্যৱস্থা কৰা।

২)ব্যৱসায়ী সকলক ট্ৰেড অনুজ্ঞাপত্ৰ, শ্ৰম অনুজ্ঞাপত্ৰ আদি অতি সহজে ৰিনিইউ কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মাছুল সমূহ ৰেহাই দিয়াৰ বাবে আহ্বান জনোৱা হয়।

৩) ক্ষুদ্ৰ ব্যৱসায়ী সকলক সহজতে কম সুদৰ হাৰত ঋণৰ পোৱাৰ ব্যৱস্থা কৰা।

৪) আসাম টি কোম্পানীৰ চাহ বাগানসমূহৰ একাংশ ভূমি অধিগ্ৰহণ কৰি বৈদেশিক বিনিয়োগ কৰিব বিচৰা কোম্পানী সমূহৰ বাবে সুবিধা প্ৰদান কৰিব লাগে আৰু সেই বাগান সমূহৰে চাহ মজদূৰ ভাইসকলক সেই বৈদেশিক কোম্পানী সমূহত নিয়োগৰ ব্যৱস্থা কৰিব লাগে।

৫) প্ৰত্যেক খন জিলাতে জিলা ভিত্তিক অৰ্থনৈতিক কমিটি গঠন কৰিব লাগে আৰু উক্ত কমিটি সমূহত ব্যৱসায়ী সকলৰ প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে।

৬) বৰ্তমান চলি থকা সান্ধ্য আইন সম্পূৰ্ণভাবে প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।
উক্ত মত বিনিময় অনুষ্ঠানটিত অসম চেম্বাৰ অফ্ কমাৰ্চৰ কাৰ্যবাহী সভাপতি সঞ্জীব নাৰায়ণ, উপদেষ্টা টিকেন শইকীয়া, চিআইআই, এফআইচিআই, ফাইনাৰ, পিএইচডি চেম্বাৰ অফ্ কমাৰ্চকে আদি কৰি বিভিন্ন ব্যৱসায়ী দল-সংগঠনে অংশগ্ৰহণ কৰে। উক্ত সভাত অসম চৰকাৰৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱো উপস্থিত থাকে।

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?